অসমৰ জাতীয় জীৱনৰ বৰেণ্য আৰু নমস্য ব্যক্তিসকলৰ ভিতৰত বেণুধৰ শৰ্মা অন্যতম। ১৮৯৯ চনৰ ১৬ নৱেম্বৰ তাৰিখে শিৱসাগৰ জিলাৰ চাৰিঙত তেওঁৰ জন্ম আৰু ১৯৮১ চনৰ ২৬ ফেব্ৰুৱাৰী তাৰিখে মৃত্যু হয়। পিতৃৰ নাম স্বৰ্গীয় ডিম্বেশ্বৰ শৰ্মা আৰু মাতৃ স্বৰ্গীয়া তুলসী দেৱী। বেণুধৰ শৰ্মা এগৰাকী প্ৰখ্যাত সাহিত্যিক, প্রত্নতত্ত্ববিদ, সাংবাদিক, সমাজসংস্কাৰক, বুৰঞ্জীবিদ, গবেষক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী আগশাৰীৰ মুক্তিযোদ্ধা। সাহিত্য অকাডেমী বঁটা লাভ কৰা তেওঁ হ’ল দ্বিতীয়জন অসমীয়া ব্যক্তি। ১৯৫৬ চনৰ অসম সাহিত্য সভাৰ তেওঁ সভাপতি আছিল। বেণুধৰ শৰ্মাৰ সাহিত্যৰাজি বুৰঞ্জীৰ ঘটনা-পৰিঘটনাৰে পৰিপূৰ্ণ। সেয়েহে তেওঁক ইতিহাসৰত্ন, বুৰঞ্জীৰ যাদুকৰ আদি নামেৰেও বহুতে বিভূষিত কৰা দেখা যায়। শোৱালিৰ কবি ৰত্নকান্ত বৰকাকতিদেৱে তেওঁক বুৰঞ্জীৰ সূৰ্য্য আখ্যা দিয়ে। সাংবাদিক হিচাপে বেণুধৰ শৰ্মাই ‘তৰুণ অসম’ৰ প্ৰধান সম্পাদক আৰু ‘দৈনিক বাতৰি’ৰ সহ-সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল। ১৯৬০ চনৰ ‘কংগ্ৰেছৰ কাঁচিয়লি ৰ’দত’ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি আৰু মৰণোত্তৰভাৱে পদ্মভূষণ বঁটা লাভ কৰে৷ বেণুধৰ শৰ্মা দেৱৰ কেইখনমান উল্লেখযোগ্য ৰচনা হ’ল— জৱাহৰলালৰ জীৱনী (১৯৩৫), ৰাংপতা (১৯৪৩), মণিৰাম দেৱান (১৯৫০), কংগ্ৰেছৰ কঁাঁচিয়লি ৰ’দত (১৯৫৯), লাতুমণি (১৯৫৯), দুনৰি (১৯৫৯), অৰ্য্যাৱলী (১৯৬৭), মৰমৰ কাৰেং (১৯৬৮), চটাই চ’ৰাৰ কথা (১৯৬৯), হেমচন্দ্ৰ গোস্বামীৰ জীৱনী (১৯৭১)।