যিবোৰ বস্তু বা দ্ৰব্যই সহজেই মানুহৰ মন-প্ৰাণ আসক্ত কৰিব পাৰে সেইবোৰকে মাদক দ্ৰব্য বা ৰাগিয়াল বস্তু বোলে। মদ, ভাং, কানি বা আফিং, ধঁপাত, বিড়ি, ড্ৰাগ আদি মাদক দ্ৰব্য। মাদক দ্ৰব্য সেৱনত অভ্যাস এবাৰ কৰিলে তাক সতকাই এৰা টান। মাদক দ্ৰব্য সেৱন যে কু-অভ্যাস আৰু ই দেহৰ বাবে ক্ষতিকাৰক সেই কথা সেৱন কৰোঁতাই উপলব্ধি কৰিব নোৱাৰে। মাদক দ্ৰব্য সেৱনৰ কু-প্ৰভাৱ বৰ্তমান চাৰিওফালে দেখিবলৈ পোৱা যায়। মাদক দ্ৰব্য সেৱনৰ কু-প্ৰভাৱে বৰ্তমান সমাজ পংগু কৰি দিব ধৰিছে।
সমাজত মাদক দ্ৰব্যৰ ব্যৱহাৰ
পুৰণিকালত অনুষ্ঠানবোৰত মাদক দ্ৰব্যৰ ব্যৱহাৰে থকা জনা যায়। অৱশ্যে তেতিয়া ইয়াৰ ব্যৱহাৰ সীমিত ৰূপত আছিল। মোগল সম্ৰাটসকলেও আমাৰ দেশৰ মদ সেৱন কৰাৰ কথা জানিব পাৰো। ইংৰাজ ৰাজত্বত মদ খোৱা এই বিলাস বা ‘ফেচন’ত পৰিণত হৈছিল। ইংৰাজ চৰকাৰে মদ, কানিৰ প্ৰচলনৰ চেষ্টাও কৰিছিল। আন নালাগে আমাৰ অসমলৈ ইংৰাজ আগমনৰ পৰাহে মদ, কানি, বিড়ি প্ৰভৃতিৰ আমদানি হৈছিল।
মাদক দ্ৰব্য সেৱনৰ উপকাৰ আৰু অপকাৰ
মাদক দ্ৰব্য সেৱনৰ পৰা মানুহে পোৱা উপকাৰ তেনেই সামান্য। মদ জাতীয় ৰাগিয়াল বস্তু স্নায়ু উত্তেজক বুলি এটা সময়ত চিকিৎসা ক্ষেত্ৰত ব্যৱহাৰ কৰিছিল। অস্ত্ৰোপ্ৰচাৰৰ সময়ত ৰোগীক খুৱাইছিল। সেইদৰে ঔষধ তৈয়াৰ কৰোঁতে মদ, কানি, ভাঙৰ ব্যৱহাৰ কৰা হয়। সীমিত বা নিয়মীয়া পৰিমাণৰ দ্ৰব্য সেৱনে মানুহৰ শৰীৰৰ উপকাৰ সাধন কৰে বুলি কোৱা শুনা যায়। কিন্তু দেখা যায় যেতিয়া খোৱাৰ অভ্যাস গঢ়ি উঠে সেই পৰিমাণ নাইবা সীমা চেৰাই যায়। ফলত ই শৰীৰৰ উপকাৰতকৈ অপকাৰহে কৰে।
মাজদক দ্ৰব্য সেৱনৰ অপকাৰ ভয়াৱহ। ই মানুহৰ শাৰীৰিক, মানসিক আৰু আৰ্থিক সকলো ক্ষেত্ৰতে অপকাৰ কৰে। আচলতে মাদক দ্ৰব্য সেৱন কৰাটোৱে কু-অভ্যাস। এই কু-অভ্যাসৰ প্ৰভাৱ বৰ্তমান সমাজত দকৈ শিপাইছে। সমাজক এনে কু-প্ৰভাৱৰ পৰা ৰক্ষা কৰা টান হৈ পৰিছে। মদপানে মানুহৰ হাওঁফাওঁ নষ্টকৰে, হৃদৰোগৰ বেমাৰী হ’বলগীয়া হয়। মদাসক্ত হিতাহিত জ্ঞান নাথাকে; যিকোনো বেয়া কাম কৰিবলৈ কুন্ঠাবোধ নকৰে। কানি খোৱা লোকৰ জীৱনী শক্তি হ্ৰাস হয় বুলি জনা যায়। গাজা বা ভাং খোৱা মানুহৰ কৰ্মশক্তি লোপ হৈ এলেহুৱা হৈ পৰা দেখা যায়। অত্যধিক ধঁপাত, বিড়ি প্ৰভৃতি কোৱা মানুহৰ ডিঙি, পেট আৰু হাওঁফাওঁৰ কৰ্কট ৰোগ হ’ব পাৰে বুলি কাগজে-পত্ৰে প্ৰকাশ হৈ আছে। শৰীৰৰ ক্ষতিলৈ লক্ষ্য কৰি চিগাৰেটৰ পেকেটৰ ওপৰত ‘ধোঁৱা পান শৰীৰৰ বাবে ক্ষতিকাৰক’ বুলি লিখা থাকে। তথাপি মানুহে খায়, অভ্যাস এৰিব নোৱাৰে। বৰ্তমান সমাজত আন এবিধ মাৰাত্মক মাদক দ্ৰব্য ড্ৰাগছ সেৱনত অভ্যস্ত হোৱা কথা সদৰী হৈ আছে। ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো এই কু-প্ৰভাৱ বিয়পিব ধৰা কথা জনা গৈছে। হিৰোইন, কোকেইন, ব্ৰাউন ছুগাৰ প্ৰভৃতি নামেৰে এইবিধ মাদক দ্ৰব্যক এক শ্ৰেণীৰ ব্যৱসায়ীয়ে যোগান ধৰাত ব্যস্ত হৈ পৰিছে। এনে জীৱনাত্মক মাদক দ্ৰব্যই ভালেসংখ্যক যুৱক-যুৱতীৰ জীৱন বিপদাপন্ন কৰি তুলিছে। বিদেশৰ পৰা ভাৰতলৈ অনা ড্ৰাগছ মাদক দ্ৰব্যৰ প্ৰভাৱৰ পৰা সমাজক মুক্ত কৰাটো চিন্তাশীল সকলৰ চিন্তাৰ বিষয় হৈ পৰিছে।