ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ। এই দেশত প্ৰতিজন নাগৰিকৰেই সমঅধিকাৰ আছে। শিক্ষা আহৰণ হৈছে মানৱ মৌলিক অধিকাৰসমূহৰ ভিতৰত অন্যতম। দেশৰ এশ কোটি জনতাৰ প্ৰায় অৰ্ধ্যংশই নাৰী। গতিকে দেশখন সুচাৰৰূপে পৰিচালিত কৰাৰ স্বাৰ্থত দেশৰ মাতৃশক্তিক শিক্ষিত কৰি তোলাতো অতি আৱশ্যকীয়। কিন্তু ভাৰতবৰ্ষৰ দৰে এখন বিশাল ৰাষ্ট্ৰত য’ত শতকৰা সত্তৰ ভাগ লোকেই গ্ৰামাঞ্চলত বসবাস কৰে আৰু যাৰ জনমূৰি আয অতি সীমিত, তেওঁলোকে প্ৰকৃতাৰ্থত ঘৰুৱা দায়িত্ব পালনতেই অমূল্য জীৱন অপচয় কৰিবলগীয়া হয়। তাৰ লগে লগে সামাজিক কুসংস্কাৰ, অন্ধবিশ্বাস, অভিভাৱকৰ দৰিদ্ৰতা, স্ত্ৰী শিক্ষাৰ বাবে সুকীয়া বিদ্যালয়ৰ অভাৱ, শিক্ষয়িত্ৰীয় অভাৱ, কম বয়সতে বিয়া দিয়াৰ প্ৰৱণতা, ঘৰুৱা কামত নিয়োগ, যাতায়াতৰ অসুবিধা ইত্যাদি বিভিন্ন কাৰণত পুৰুষৰ তুলনাত নাৰীৰ হাৰ অতি সীমিত। ভাৰতবৰ্ষত প্ৰথম পঞ্চমবাৰ্ষিক পৰিকল্পনাতেই নাৰী শিক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হয়, যদিও এতিয়ালৈকে এই দিশত উল্লেখযোগ্য সফলতা লাভ কৰিব পৰা নাই। অসমকে ধৰি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত নাৰী শিক্ষা বিনামূলীয়াকৈ প্ৰদান কৰা হয় যদিও তুলনামূলকভাৱে নাৰী শিক্ষাৰ অনুপাত বৃদ্ধি হোৱা নাই।
নাৰী শিক্ষাৰ অবিহনে সামাজিক প্ৰগতিৰ অসম্ভৱ। প্ৰতিটো নাৰী সন্তানেঅ ভৱিষ্যতৰ মাতৃ। গতিকে দেশৰ মাতৃসকল শিক্ষিত হ’লেহে উপযুক্ত ভৱিষ্যত বংশধৰ সম্ভৱ হৈ উঠিব। সেইবাবেই সমাজৰ প্ৰচলিত অন্ধবিশ্বাস কুসংস্কাৰৰ বাধা অতিক্ৰম কৰি নাৰী শিক্ষাৰ সম্প্ৰসাৰণত গুৰুত্ব প্ৰদান কৰিব লাগিব। কম বয়সতে কন্যা সন্তানক বিয়া দিয়াৰ পৰিৱৰ্তে উপযুক্ত বয়সত বিয়া দিলে পৰিকল্পনাৰ বাবে প্ৰয়োজনীয় দিশ উপলব্ধি কৰি তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্হণ কৰিবলৈ সক্ষম হ’ব।
সমাজৰ বদ্ধমূলক ধাৰণাৰ বশৱৰ্তী হৈ বহুতেই পুত্ৰ সন্তানক যিমান গুৰুত্ব দিয়ে, তাৰ তুলনাত কন্যা সন্তানক সমানে গুৰুত্ব নিদিয়ে। ঘৰুৱা কাম-বনৰ ক্ৰমবৰ্ধমান বোজাৰ বশবৰ্তী হৈ কন্যা সন্তানে বহু পঢ়াৰ বাবে সময় উলিয়াব নোৱাৰে। শিশুক স্বাস্থ্যসন্মত শিক্ষা দিয়া, পৰিস্কাৰ-পৰিচ্ছন্নতা সম্পৰ্কে সজাগ কৰি তোলা, আওপুৰণি কুসংস্কাৰৰ পৰা মুক্ত হৈ বৈজ্ঞানিক চিন্তাৰে পৰিচালিত হোৱা মাতৃৰ বাবেহে সন্তানৰ ভৱিষ্যত গঢ়ি তোলাতে সম্ভৱ বাবেই স্ত্ৰী শিক্ষাৰ গুৰুত্ব অধিক। শিশুৰ শাৰীৰিক, মানসিক, নৈতিক আৰু আধ্যাত্মিক চৰিত্ৰ গঢ়ি তুলিবৰ বাবে মাতৃগৰাকীৰ গুৰুত্ব কিমান সেই কথা পুনৰাই উনুকিয়াই দিয়াৰ কোনো প্ৰয়োজন নাই। এইগৰাকী মাতৃ উপযুক্ত শিক্ষাৰে শিক্ষিত হৈ উঠিলেহে তেওঁলোকে ভৱিষ্যত ঘৰখন, ঘৰুৱা পৰিৱেশ আৰু সমাজখন উপযুক্ত পথত আগুৱাই যোৱাত সহায় কৰিব পাৰিব। সময়ত শিশুক স্কুললৈ পঠোৱা, সময় মতে উপযুক্ত আৰু পুষ্টিকৰ আহাৰ প্ৰদান কৰা, ঘৰুৱা অনুশীলনৰ বাবে প্ৰয়োজনীয় সা-সুবিধা দিয়া, স্বাস্থ্যসন্মত অভ্যাস গঢ়ি তোলা, বেমাৰ-আজাৰত উপযুক্ত প্ৰতিপাল কৰ, অন্ধবিশ্বাসৰ পৰা মুক্ত হৈ আধুনিক দৃষ্টিভংগী গ্ৰহণ কৰা— ইত্যাদি কেৱল এগৰাকী শিক্ষিত মাতৃৰ বাবেহে সম্ভৱ হ’ব পাৰে। শিশুৰ শিক্ষাৰ ক্ষেত্ৰত এগৰাকী শিক্ষিতা মাতৃৰ অবিহন্ এনে এটা পৰিৱেশ গঢ়ি দিয়াটো সকলোৰে বাবে সম্ভৱ নহয়।
ভাৰতৰ দৰে উন্নশীল দেশ এখনৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে প্ৰকৃতাৰ্থত প্ৰতিগৰাকী পুৰুষ-নাৰীয়েই উৎপাদনমুখী কৰ্মত নিযুক্ত হোৱাটো বাঞ্ছনীয়। বৰ্তমানৰ দৰে ব্যয়বহুল জীৱনত পুৰুষ-নাৰী উভয়ে উপাৰ্জনমুখী কামত নিয়োজিত নহ’লে দেশৰ জাতীয় আয় বৃদ্ধি সম্ভৱ নহয়। দেশৰ জাতীয় আয় যিহেতু জনমূৰি আয়ৰ ওপৰত নিৰ্ভৰশীল, গতিকে প্ৰতিগৰাকী মাতৃ শিক্ষিতা হোৱাটো অতি জৰুৰী। তেতিয়াহে তেওঁলোকে আত্মসংস্থাপন বা স্বনিয়োজনৰ পথ বাছি লৈ দেশৰ অৰ্থনৈতিক প্ৰগতিৰ অংশীদাৰ হ’বলৈ সক্ষম হ’ব। প্ৰকৃত গণতন্ত্ৰ গঢ়ি তুলিবলৈ পুৰুষ আৰু নাৰীৰ যৌথ প্ৰচেষ্টাৰ প্ৰয়োজন। গণতন্ত্ৰৰ সাৰ্থকতা নিৰ্ভৰ কৰে শিক্ষিত সচেতন আৰু অধিকাৰ সম্পৰ্কে সচেতন ওপৰত নিৰ্ভৰ কৰি।
বৰ্তমান সমাজৰ পৰা দুৰ্নীতি দূৰ কৰা, সামাজিক মূল্যবোধ প্ৰতিষ্ঠা কৰা, যুৱ উছৃংখলতা দূৰীকৰণ, আধ্যাত্মিক জীৱনৰ প্ৰতি আস্থা গঢ়ি তোলা, সহনশীলতা বৃদ্ধি পাৰিবাৰিক আৰু সামাজিক মংগল আৰু বুজাবুজি আদিৰ লগতে মানৱীয় চেতনাৰ বিকাশৰ বাবে নাৰী শিক্ষাৰ প্ৰয়োজন অস্বীকাৰ কৰিব নোৱাৰি। বৰ্তমান সমাজত হোৱা নাৰী নিৰ্যাতন, সামাজিক অনগ্ৰসৰতা ইত্যাদি হ্ৰাস কৰিবৰ বাবেও নাৰী শিক্ষাত গুৰুত্ব দিব লাগিব। নাৰী শিক্ষিত হৈ উঠিলেহে বাল্য বিবাহ, যৌতুক প্ৰথা, গৰ্ভস্থ সন্তান হত্যা ইত্যাদি সামাজিক অপৰাধৰ বাবে মাৰ বান্ধি যুঁজ দিয়াটো সম্ভৱ হৈ উঠিব। শিক্ষাৰ অবিহনে নাৰী কেৱল দ্বিতীয় শ্ৰেণীৰ অৱহেলিত নাগৰিক হিচাপে জীয়াই থাকিব বিচাৰিলে দেশৰ সামাজিক প্ৰগতি অসম্ভৱ। ধৰ্ষণ, ভ্ৰূণ হত্যা, প্ৰলোভন আদিৰ ৰোধ কেৱল সম্ভৱ হ’ব পাৰে নাৰী শিক্ষাৰ সম্প্ৰসাৰণৰ যোগেদিহে।
প্ৰচাৰ মাধ্যম, চৰকাৰ, সচেতন নাগৰিক, স্বেচ্ছাসেৱী সংগঠন সকলোবোৰ নাৰী শিক্ষাৰ বাবে আগবাঢ়ি আহিব লাগিব। বাল্য বিবাহ, যৌতুক প্ৰথা, ভ্ৰূণ হত্যা প্ৰভৃতি সামাজিক ব্যাধি নিৰ্মূলৰ বাবে সকলোৰে মাৰ বান্ধি থিয় হ’ব লাগিব। দেশৰ গণতন্ত্ৰৰ প্ৰতিষ্ঠাৰ স্বাৰ্থত সুনাগৰিকৰূপে গঢ়ি তুলিবৰ বাবে বাধ্যতামূলক শিক্ষাৰ অধীনত অন্ততঃ চৈধ্য বছৰলৈকে নাৰী শিক্ষা নিশ্চিত কৰা আৰু ওঁঠৰ বছৰৰ তলত হোৱা ছোৱালীৰ বিবাহ আইনগতভাৱে নিষিদ্ধ কৰা, যৌতুক প্ৰথাক সামাজিক ব্যাধিৰূপে গণ্য কৰা, নাৰীৰ ওপৰত হোৱা সামাজিক অবিচাৰ উচিত তদন্ত কৰা ইত্যাদি বিভিন্ন দিশ সম্পৰ্কে সজাগতা আৰু সতৰ্কতাৰ যোগেদিহে নাৰীৰ অন্তনিৰ্হিত ব্যক্তিত্ব আৰু নাৰী সত্ত্বাৰ প্ৰতি প্ৰকৃত সন্মান প্ৰদৰ্শন সম্ভৱ হোৱাৰ লগতে দেশৰ গণতান্ত্ৰিক চেতনা সমৃদ্ধ হৈ উঠাটো স্বাভাৱিক।