Voter id card name correction form online assam | Name correction in Voter id card Online assam

ভোটাৰ আইডি কাৰ্ডৰ নাম সংশোধন প্ৰ-পত্ৰ অনলাইনৰূপে হয়। কোনো অফলাইন/ কাগজী ফৰ্ম যোগেদি নকৰে। ২০২৫-২০২৬ চনৰ Voter id cardৰ নাম সংশোধন প্ৰ-পক্ৰখন কিদৰে আবেদন(Apply) কৰিব, আপোনাক সহজভাৱে তলত উল্লেখ কৰিলো।

মই আপোনালোকক এই আৰ্টিকেলৰ যোগেদি সম্পৰ্কৰ নাম সংশোধন কৰি দেখুৱাম। আপুনি নিজে মোৱাইলত বা কম্পিউটাৰত কৰিব পাৰিব। কোনো দোকান বা অনলাইন সেৱাত নোযোৱাকৈ নিজৰ ঘৰত বহিয়ে কৰিব পাৰিব।

Voter Id card name correction Apply Step by step:

বি.দ্ৰ.ঃ- সকলো ব্যক্তিয়ে নতুুনকৈ পঞ্জীয়ন কৰি ভোটাৰ সেৱা পৰটেলত নতুন আইডি সৃষ্টি কৰিব লাগিব। পূৰ্বৰ পঞ্জীয়ন আইডি যোগেদি হ’লেও বৈধ হ’ব।

Voter name correction Assam

১. প্ৰথমতে অফিচিয়ে ৱেবছাইট চাওক। তাৰ পিছত Sign-Up ত ক্লিক কৰক।

2. বৈধ মোবাইল নম্বৰ ব্যৱহাৰ কৰি পঞ্জীয়ন প্ৰ-পত্ৰ পূৰণ কৰক। পিছত কেপচা পূৰণ কৰি “Continue” ক্লিক্ কৰি আপোনাৰ ডিভাইচলৈ প্ৰেৰণ কৰা OTP ৰ যোগেদি ভেৰিফাই কৰক নম্বৰ।

৩. লগিন পেজত গৈ নিজৰ মোৱাইল নং/ইমেইল/ইপিক নং(ভোটাৰ নং) দাখিল কৰি কেপচা পূৰণ কৰি Request Otp ক্লিক কৰক

৪. আপোনাৰ পঞ্জীয়ন মোৱাইল নম্বৰত OTP যাৱ, সেই OTP পূৰণ কৰি Verify& Loginত ক্লিক কৰক

৫. তেতিয়াই আপোনালৈ এখন HOME Page খোল খাৱ, ওপৰত আপোনাৰ নাম দেখা পাব

৬. তলত ইসক্ৰল কৰি দেখা পাব Correction of Entries, তাতে fill form 8ত ক্লিক কৰক

৭. নিজৰ কাৰণে Self, আনৰ কাৰণে Other elector ক্লিক কৰি ভোটাৰ নং পূৰণ কৰি “Sumit” কৰক

৮. আপোনালৈ এখন পেজ খোল খাৱ, আবেদনকাৰি বিৱৰণ দেখা পাব, সকলোবোৰ ঠিক থাকিলে ‘OK’ বটনত ক্লিক কৰক

৯. এখন পেজ খোল খোৱাৰ পিছত Correction of Entries in Existing Electoral Roll ক্লিক কৰি OK বটনত ক্লিক কৰক।

ভোটাৰ কাৰ্ডত আপোনাৰ নাম আধাৰ কাৰ্ডৰ সৈতে একে হোৱাটো নিশ্চিত কৰক আৰু otp ভেৰিফিকেচন আৰু ই-চাইনৰ বাবে ফৰ্ম জমা দিয়াৰ বাবে আধাৰৰ সৈতে লিংক কৰা মোবাইল নম্বৰ আপোনাৰ লগত আছে। যদি ভোটাৰ কাৰ্ডৰ নাম আধাৰ কাৰ্ডৰ পৰা পৃথক হয়, তেন্তে অনুগ্ৰহ কৰি নাম সংশোধন বিকল্প ব্যৱহাৰ কৰি শুধৰাই দিয়ক বা আপোনাৰ BLO ৰ সৈতে যোগাযোগ কৰক।

১০. পিছত আপোনালৈ এখন ফৰ্ম খোল খাৱ, তাতে আপুনি দ্বিতীয় বাৰলৈ “Next” কৰিব।

১১. তেতিয়া আপোনালৈ এখন ফৰ্ম আহিব Application for correction Entries in Existing electoral roll, ইয়াতে আপুনি নাম, লিঙ্গ, জন্ম তাৰিখ, সম্পৰ্ক, সম্পৰ্কৰ নাম, স্থান, মোৱাইল নং, ফটো সংশোধন কৰিব পাৰি। আপুনি কোনটো সংশোধন কৰিব বিচাৰে চেক বক্সত ক্লিক কৰিব

১২. আপুনি চেক বক্স ক্লিক কৰিলে, তলত প্ৰ-পত্ৰ দাখিল কৰিবলৈ আহিব, লগতে ডুকোমেন আপলোড কৰিবলৈ আহিব।

চেক বক্স ক্লিক কৰা
ডুকমেন বাছনি কৰিবলৈ আহিব, আপুনি ডুকমেন বাছনি কৰি “Choose file” ক্লিক কৰি আপলোড কৰি দিব, তেতিয়া “Next” বটন ক্লিক কৰক।

১৩. “Place” ক্লিক কৰি আপোনাৰ ঠাইখনৰ নাম লিখি দি “Next” বটন ক্লিক কৰক।

১৪. আপোনাৰ সকলো প্ৰ- পত্ৰ ভালদৰে চোৱাৰ পিছত কেপচা পূৰণ কৰি “Preview and Submit”ত ক্লিক কৰক

১৫. আপোনালৈ এখন পেজ খোল খাৱ, ইয়াত আপুনি সকলো প্ৰপত্ৰ দাখিল কৰা ফৰ্ম দেখা পাব, সকলো ঠিক থাকিলে”eSign & Submit” বটনত ক্লিক কৰক।

ই-চিন ব্যৱহাৰ কৰাটো বৈকল্পিক, যদি আপুনি ই-চিন ব্যৱহাৰ কৰিব নিবিচাৰে, তেন্তে আপুনি ভৌতিক প্ৰপত্ৰখন আপোনাৰ ERO/BLO লৈ জমা দিব পাৰে।

১৫. নিজৰ আধাৰ নং ফিলআপ কৰি কৰি “Get OTP” ক্লিক কৰক, আপোনাৰ মোৱাইলত অহা অটিপি দাখিল কৰক

চেক বক্স ক্লিক কৰি ‘Submit’ ক্লিক কৰক

১৬. আপোনালৈ এখন পেজ খোল খাৱ, আপোনাৰ ৰেফেৰেছ নং জেনেৰেট হব, তলত “Download Acknowledgement”ত ক্লিক কৰি ৰাখিব পাৰিব। Name correction in Voter id card Online assam

Leave a Comment