অতি সনকালে আৰম্ভ হ’ব এখন নতুন অসমীয়া চিনেমাৰ কাম। চিনেমা খনৰ নাম হৈছে চেলেঞ্জ। মুম্বাই চিনে মেল’ডি, এম মাচমে আলমৰ দ্বাৰা প্ৰযোজিত আৰু তাৰকা যতীন বৰা অভিনীত ‘চেলেঞ্জ’ শীৰ্ষক পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ। চলচ্চিত্ৰখন মুলতঃ অসমীয়া ভাষাত নিৰ্মিত হ’ব যদিও পৰৱৰ্তী পৰ্যায়ত ইয়াক হিন্দী আৰু বাংলা ভাষালৈ ভাষান্তৰিত কৰা হ’ব। অভিনয় কৰিব যতীন বৰা আৰু এগৰাকী বলিউড অভিনেত্ৰীয়ে। এন জে আৰু এদল যুৱ পৰিচালকৰ পৰিচালনাত নিৰ্মাণ হ’বলগীয়া ‘চেলেঞ্জ’ৰ কাহিনী-চিত্ৰনাট্য আৰু সংলাপ অভিজিত ভট্টাচাৰ্যৰ। সংগীত তথা আৱহ সংগীত অজয় ফুকনৰ। চিত্ৰগ্ৰহণ কৰিছে গ’গ’ই আৰু একচন ৰাজেশ কান্নানৰ। সহঃ প্ৰযোজনাৰ দায়িত্বত আছে চৈয়দ হাফিজুল ইছলাম। মে’ মাহৰ দ্বিতীয় সপ্তাহৰ পৰা ছবিখনৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰা হ’ব।