বহাগ বিহুৰ সময়ত বলা ধুমুহা

বহাগ বিহুৰ সময়ত অসমত ফাগুন মাহৰ বতাহে লঠঙা কৰি প্ৰকৃতিৰ বুকুত চ’ত-বহাগ মাহ সোমালেই নতুন কুঁহিপাত মেলে।। ঋতু পৰিবৰ্তন, খেতি-বাতি, উৎসৱ-পাৰ্বণ আদি সকলোতে প্ৰকৃতিৰ গভীৰভাৱে প্ৰভাৱ দেখা যায়। তেনে এক প্ৰাকৃতিক পৰিঘটনা হৈছে বৰদৈচিলা(Bordoisila), যি সাধাৰণতে বহাগ বিহুৰ সময়ত অসমত দেখা যায়।

বৰদৈচিলা কি?

বৰদৈচিলা হৈছে চ’ত আৰু বহাগ মাহত হোৱা এক প্ৰবল বতাহ-ধুমুহা। এই ধুমুহাৰ সৈতে জোৰ বতাহ, ধূলি, পাত-পাতনি উৰা, কেতিয়াবা বজ্ৰপাত আৰু কিনকিনীয়া বৰষুণো হয়। গৰমৰ অন্তিম পৰ্বত এই ধুমুহাই পৰিৱেশ ঠাণ্ডা কৰি তোলে আৰু নতুন ঋতুৰ আগমনৰ বাৰ্তা আনে।

নামৰ অৰ্থ আৰু লোকবিশ্বাস

“বৰদৈচিলা” নামটো অসমীয়া লোকবিশ্বাসৰ সৈতে গভীৰভাৱে জড়িত। লোককথা অনুসাৰে, বৰদৈচিলা এগৰাকী বিবাহিতা মহিলাৰূপত কল্পিত—বৰদৈচিলা পৰ্তি বছৰে বহাগ মাহত নিজৰ মাকৰ ঘৰলৈ আহে। বৰদৈচিলা ঘৰলৈ উভটি অহাৰ সময়ত প্ৰবল বেগত উৰি অহাৰ বাবে ধুমুহাৰ সৃষ্টি হয় আৰু খেতি পথাৰ ধ্বংস কৰি দিয়ে। এনেকুৱা হোৱাৰ কাৰণে বহাগ মাহৰ ধুমুহাৰ সৃষ্টিকৰ্তা বুলি কোৱা হয়। এই বিশ্বাস অসমীয়া লোকসংস্কৃতি, গীত-মাত আৰু কথাশিল্পত বহুলভাৱে প্ৰতিফলিত হৈছে।

কৃষিজীৱনত বৰদৈচিলাৰ ভূমিকা

কৃষিজীৱনৰ ক্ষেত্ৰত বৰদৈচিলাৰ বিশেষ গুৰুত্ব আছে।

  • ই গৰম কমাই মাটি ঠাণ্ডা কৰে
  • খেতিৰ বাবে উপযোগী কৰি তোলে
  • বৰষুণৰ আগজাননী দিয়ে

যদিও কেতিয়াবা জোৰ বতাহে শস্যসমূহ ক্ষতিও কৰিব পাৰে, তথাপি সামগ্ৰিকভাৱে বৰদৈচিলা প্ৰাকৃতিক ভাৰসাম্যৰ এটা অংশ হিচাপে ধৰি লোৱা হয়।

বিহু আৰু বৰদৈচিলা

বহাগ বিহু হৈছে নতুন বছৰ আৰু নতুন জীৱনৰ আৰম্ভণি। এই সময়তে হোৱা বৰদৈচিলা যেন প্ৰকৃতিয়ে বিহুৰ আগমনত কৰা এক উল্লাস। বিহুৰ আগতে গাঁও-ঘৰ চাফ-চিকুণ কৰা, নতুন কাম-কাজ আৰম্ভ কৰা—এই সকলো কাৰ্যত বৰদৈচিলাই এক প্ৰাকৃতিক সংকেত প্ৰদান কৰে।

বৰদৈচিলা কেৱল এটা ধুমুহা নহয়; ই অসমীয়া জীৱনধাৰাৰ এক অবিচ্ছেদ্য অংশ। প্ৰকৃতি, লোকবিশ্বাস, কৃষি আৰু উৎসৱৰ এক সুন্দৰ মিলন হিচাপে বৰদৈচিলা আজিও অসমীয়া সমাজত এক বিশেষ স্থান দখল কৰি আছে।

Leave a Comment