শিশু সাহিত্যিক ভবেন্দ্ৰ নাথ শইকীয়া | About Bhabendra Nath Saikia briefly

অসমৰ সাংস্কৃতিক জগতখনলৈ ভবেন্দ্ৰ নাথ শইকীয়াৰ অৱদান বিশেষভাৱে উল্লেখনীয়। তেওঁ একাধাৰে চুটিগল্পকাৰ, ঔপন্যাসিক, শিশু সাহিত্যিক তথা কথাছবি প্রযোজক আছিল। শ‍ইকীয়াদের অসমীয়া সাহিত্য জগতত বিশেষকৈ চুটিগল্পকাৰ হিচাপে প্ৰখ্যাত। তেওঁৰ গল্প সংকলনকেইখন হ’ল ৰহৰী (১৯৬৩), বৃন্দাবন (১৯৬৫), গহ্বৰ (১৯৬৯), সেন্দুৰ (১৯৭১), শৃংখল (১৯৭৫), ভবেন্দ্ৰনাথ শইকীয়াৰ শ্ৰেষ্ঠ গল্প : পঞ্চাছৰ দশক (১৯৭৬), তৰংগ (১৯৭৯), এই বন্দৰৰ আবেলি (১৯৮৮), … Read more

যতীন্দ্ৰনাথ দুৱৰাৰ বিষয়ে চমু পৰিচয় | About Jatindra Nath Duwara briefly

বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হৈছিল ১৮৯২ চনৰ ৪ মাৰ্চ তাৰিখে শিৱসাগৰত৷ ৰংপুৰৰ সম্ভ্ৰান্ত দুৱৰা বংশৰ শ্যামসুন্দৰ দুৱৰা আৰু পুণ্যদা দুৱৰাৰ সন্তান যতীন্দ্ৰ নাথ আছিল কামদেৱৰ দৰে সুন্দৰ আৰু বিশ্ববিদ্যালয়ৰ উচ্চ ডিগ্ৰীধাৰী শিক্ষকতাৰে কৰ্ম জীৱন আৰম্ভ কৰা যতীন্দ্ৰনাথ দুৱৰাই জৰ্জ ইন্‌ষ্টিটিউচন স্কটিছ চার্চ কলেজিয়েট স্কুল, কলিকতা বিশ্ববিদ্যালয়ৰ আৰু ডিব্ৰুগড়ৰ হনুমানবক্স সুৰখমল কানৈ মহাবিদ্যালয় আদিত শিক্ষাদান … Read more

লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে চমুকৈ | About Lakshminath Bezbaroa briefly

ব্ৰহ্মপুত্ৰৰ বুকুত নাৱৰ কুন্ধিত ১৮৬৮ চনৰ কোনো এক লক্ষ্মী পূৰ্ণিমাৰ নিশা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হয়। তেওঁৰ পিতৃ-মাতৃ আছিল দীননাথ বেজবৰুৱা আৰু থানেশ্বৰী দেৱী। দীননাথ বেজবৰুৱাই ইংৰাজ চৰকাৰৰ অধীনত সুলিফৰ কাম কৰিছিল। তেওঁ আহোম ৰাজত্বৰ শেষ সময়ৰ স্বৰ্গদেউ পুৰন্দৰ সিংহৰ ৰাজত্বত বেজবৰুৱাৰ খিতাপত অধিষ্ঠিত হৈছিল। ধনে-মানে, ঐশ্বর্য-বিভূতিয়ে দীননাথ বেজবৰুৱাৰ পৰিয়াল অসম বিখ্যাত আছিল। মাতৃ থানেশ্বৰী … Read more

কৃষ্ণকান্ত সন্দিকৈ | Krishna Kanta Handique

কৃষ্ণকান্ত সন্দিকৈ (১৮৯৮-১৯৬২)        যোৰহাটৰ ৰাধাকান্ত সন্দিকৈ আৰু নাৰায়ণী সন্দিকৈৰ প্ৰথম পুত্ৰ কৃষ্ণকান্ত সন্দিকৈয়ে ১৯১৩ চনত যোৰহাট চৰকাৰী হাইস্কুৰ পৰা প্ৰথম বিভাগত এণ্ট্ৰেস পৰীক্ষা পাছ কৰি কটন কলেজত আই.এ.লৈকে পঢ়ে। কলকাতাৰ সংস্কৃত কলেজৰ পৰা সংস্কৃতত প্ৰথম শ্ৰেণীৰ সন্মানসহ বি.এ. পাছ কৰে। ১৯১৯ চনত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম হৈ এম.এ. পাছ কৰে। বিলাতত অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ পৰাও … Read more

ৰবীন্দ্ৰনাথ ঠাকুৰ চমু জীৱনী | Rabindranath Tagore in Assamese

ৰবীন্দ্ৰনাথ ঠাকুৰ (৭ মে’, ১৮৬১ – ৭ আগষ্ট, ১৯৪১) এজন বঙালী সাহিত্যৰ দিকদৰ্শক কবি, ঔপন্যাসিক, গল্পকাৰ, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু দাৰ্শনিক আছিল। ৰবীন্দ্ৰনাথ ঠাকুৰে ভাৰতৰ কলকাতাৰ জোড়াসাঁকোৰ বিখ্যাত ঠাকুৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। পিতৃ মহৰ্ষি দেবেন্দ্ৰনাথ ঠাকুৰ আৰু মাতৃ সাৰদা দেবীৰ ১৪টা সন্তানৰ মাজত ১৩ নম্বৰজন আছিল ৰবীন্দ্ৰনাথ। তেখেত ঊনবিংশ শতিকাৰ শেষ ভাগৰ পৰা বিংশ শতিকাৰ … Read more

হেমচন্দ্ৰ গোস্বামীৰ বিষয়ে চমুকৈ | About Hemchandra Goswami in Assamese

       ১৮৭২ চনত গোলাঘাটৰ অন্তৰ্গত গৌৰাংগ সত্ৰত জন্ম লাভ কৰা, হেমচন্দ্ৰ গোস্বামীৰ পিতৃৰ নাম আছিল ডম্বৰুধৰ গোস্বামী। নগাঁৱত শিক্ষা লাভ কৰা সময়তে গুণাভিৰাম বৰুৱা, ভোলানাথ দাস, ৰত্নেশ্বৰ মহন্ত আদিৰ সান্নিধ্যত সাহিত্য-চৰ্চাৰ বাউতি বাঢ়ে। ‘আসাম বন্ধু’ কাকততে তেওঁ পানতে কবিৰূপে পৰিচিত হয়। হেমচন্দ্ৰ গোস্বামী গোস্বামী কলিকতাত চাৰি বছৰ পঢ়ি ডিগ্ৰী নোলোৱাকৈ ঘুৰি আহি প্ৰথমে মাটিৰ হাকিম … Read more

হেম সৰস্বতীৰ বিষয়ে চমুকৈ | About Hema Saraswati briefly

       খ্ৰীষ্টিয় চতুৰ্দশ শতিকা, অৰ্থাৎ প্ৰাক্ শংকৰী যুগৰ যিসকল উল্লেখযোগ্য কবিৰ নাম পোৱা যায় তাৰ ভিতৰত অন্যতম কবি হ’ল হেম সৰস্বতী। হেম সৰস্বতী পুৰুষানুক্ৰমে পণ্ডিত বংশৰ লোক। তেওঁৰ পিতৃ ৰুদ্ৰ সৰস্বতীও সংস্কৃতজ্ঞ আছিল। সৰস্বতী উপাধি পাণ্ডিত্যৰ পৰিচায়ক। হেম সৰস্বতীয়ে কমতাধিপতি দুৰ্লভনাৰায়ণৰ ৰাজ্যত আৰু সম্ভৱতঃ তেওঁৰ পৃষ্ঠপোষকতা লাভ কৰি ‘প্ৰহ্লাদ চৰিত্ৰ’ আৰু ‘হৰ-গৌৰী সংবাদ’ ৰচনা কৰে। … Read more

ড৹ বিৰিঞ্চিকুমাৰ বৰুৱাৰ বিষয়ে চমুকৈ | About Dr. Birinchikumar Baruah briefly

       অসমৰ এগৰাকী সুপণ্ডিত তথা প্ৰাচ্যতত্ত্ববিদ ড৹ বিৰিঞ্চিকুমাৰ বৰুৱাৰ জন্ম হয় নগাঁৱৰ বিখ্যাত খৰঙী বৰুৱা পৰিয়ালত ১৯১০ চনত। নগাঁৱতে স্কুলীয়া শিক্ষা শেষ কৰি কলিকতাৰ পৰা তেওঁ সুখ্যাতিৰে বি এ পাছ কৰে। ইয়াৰ পিছত কিছুদিন শিক্ষকতা কৰি পুনৰ কলিকতালৈ যায় আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা পালি ভাষাত এম এ আৰু লগতে আইন পৰীক্ষাও পাছ কৰে। তেওঁ কলিকতা … Read more

ড৹ উপেন্দ্ৰ নাথ গোস্বামী পৰিচয় | Dr. Upendra Nath Goswami Introduction

       অসমৰ অন্যতম ভাষাতত্ত্ববিদ সু-সাহিত্যিক ড৹ উপেন্দ্ৰ নাথ গোস্বামীৰ জন্ম হয় বৰ্তমানৰ নলবাৰী জিলাৰ নলবাৰী স্ত্ৰত ১৯২৩ চনত। অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ প্ৰথমে ডিব্ৰুগড় কানৈ মহাবিদ্যালয় আৰু পিছত কটন মহাবিদ্যালয় অধ্যাপনা কৰে। পিছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া বিভাগত যোগদান কৰি সেই বিভাগৰ মুৰব্বী অধ্যাপক পদৰ পৰা অৱসৰ গ্ৰহণ কৰে।        অসমীয়া … Read more

ড৹ বাণীকান্ত কাকতি পৰিচয় | Dr. Vanikant Kakati Introduction

প্ৰসিদ্ধ সাহিত্যিক সমালোচক গৱেষক পণ্ডিত ড৹ বাণীকান্ত কাকতিৰ জন্ম হৈছিল বৰপেটাৰ বাতিকুৰিহা গাঁৱত ১৮৯৪ চনৰ ১৫ নবেম্বৰ তাৰিখে। সৰু কালিৰে পৰাই তেওঁ মেধা শক্তিৰ পৰিচয় দিব পাৰিছিল। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে ইংৰাজী বিষয়ত স্নাতকোত্তৰ পৰীক্ষণত উত্তীৰ্ণ হৈ কটন মহাবিদ্যালয়ত অধ্যাপনা কৰিবলৈ লয় আৰু পিছত অধ্যক্ষৰ পদতো অধিষ্ঠিত হয়। গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হোৱাত অসমীয়া বিভাগৰ প্ৰধান … Read more