পৰম শ্ৰদ্ধাৰ এই সভাৰ সন্মানীয় সভাপতি তথা আমাৰ বিদ্যালয়ৰ আচাৰ্য্য- আচাৰ্য্যাসকল লগতে সভাত উপস্থিত থকা বন্ধু-বান্ধুৱী আৰু মৰমৰ ভাইটি-ভণ্টিসকল। পোন প্ৰথমতে মই সকলোকে শুভেচ্ছা তথা আন্তৰিক অভিনন্দন জনাইছোঁ।
আমি সকলোৱে আমাৰ জীৱনক সুন্দৰ কৰিব বিচাৰো। সুন্দৰ জীৱনৰ বাবে সুন্দৰ পৰিৱেশৰ দৰকাৰ। আৰু পৰিৱেশ সুন্দৰ কৰে গছ-গছনিয়ে। গছ মানুহৰ বন্ধু। গছে আমাক খাদ্য, বস্ত্ৰ, ছাঁ, গেছ আদি দিয়ে। ই প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে। পৃথিৱীত বৃক্ষৰ তুলনা অনেক। বৰ্তমান প্ৰায় বনাঞ্চলত গছৰ পৰিবৰ্তে মানৱ সভ্যতা গঢ়ি উঠিছে। যাৰ ফলত প্ৰকৃতিৰ ৰূপ সলনি হৈছে।
আমি আমাৰ পৰিৱেশক অক্ষুন্ন ৰাখিবলৈ বনাঞ্চলক সংৰক্ষণ কৰি ৰাখিব লাগিব। স্কুল-কলেজ, ঘৰ-বাৰী সকলো চৌহদত গছ-গছনি ৰুব লাগিব। যেতিয়া সকলোৱে বৃক্ষ ৰোপনত উৎসাহিত হয় তেতিয়া অচিৰেই আমি সুন্দৰ পৰিবেশ ঘূৰাই পাম।
সদৌ শেষত আপোনালোক সকলোকে পুণৰবাৰ ধন্যবাদ জনাই মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ।
মন দি চাবলগীয়াঃ এই পদ্ধতি অনুসৰি বক্তব্য বিদ্যালয়ত ভাষণৰ বিষয়ে এখন সুন্দৰ ভাষণ হৈ উঠিল। সকলো প্ৰাৰৰ বক্তব্য দিওঁতে এনেদৰে তোমালোকে এই পদ্ধতি প্ৰয়োগ কৰিব পাৰিবা। কেৱল বক্তব্যৰ বিষয়বস্ত ভেদে ভাৱবোৰ বেলেগ বেলেদ হব আৰু সেই ভাব অনুসৰি ভাষণবোৰ সাজিব লাগিব। পৰিৱেশৰ লগত পাৰিপাটিকৈ সজালেই একোখন সুন্দৰ ভাষণ হৈ উঠিব।