Maantora Lyrics | Subasana Dutta

শদিয়ানো ধুবুৰীত ঢোলেনো গৰজিলে

ঢোলেনো গৰজিলে

বিহুলৈ সোণ পৰিলে মনত

চতুৱা চৰাইজনী আহিলে আকৌ ঘূৰি

আহিলে আকৌ ঘূৰি

বিনালে সোণ পৰি লৈ

ডালত সেউতী ৰংপুৰৰ নাচনী

বিহুনাম এফাঁকি গায়

মানদেশত আছিলে ধিন দৌ দৌ

মানতৰা এঘুৰি ধিন দৌ দৌ

আছিলে নৰিয়াত ধিন দৌ দৌ পৰি

যেতিয়া শুনিলে ধিন দৌ দৌ

বিহুৰে বাতৰি ধিন দৌ দৌ

আহিলে লাখুটি ধিন দৌ দৌ ধৰি

শদিয়ানো ধুবুৰী

 

নগা পাহাৰতে বাজিল কাঁহ ঐ

ভৌয়ামত বাজিলে ঢোলে না ঐ

আমাৰে নাচনী ওলালে ঐ

হাততে জেতুকাৰ বোলে না

অ’ আইতা গুনদা

কিতাপত ছয়ে অনা

নেপালীৰে গাখীৰত সেৰেনো চাৰি অনা

সেৰেনো চাৰি অনা

গাখীৰ সেউতী ৰংপুৰৰ নাচনী

বিহুনাম এফাঁকি গায়

মানদেশত আছিলে ধিন দৌ দৌ

মানতৰা এঘুৰি ধিন দৌ দৌ

আছিলে নৰিয়াত ধিন দৌ দৌ পৰি

যেতিয়া শুনিলে ধিন দৌ দৌ

বিহুৰে বাতৰি ধিন দৌ দৌ

আহিলে লাখুটি ধিন দৌ দৌ ধৰি

শদিয়ানো ধুবুৰী

 

আজি বিহু বিহু

কালি বিহু বিহু

নাহৰ ফুল ফুলিবৰ বতৰ

কেতেকী চৰাইয়ে

কাটে সৰু সূতা

মৰুৱা কাঠৰে যঁতৰ

নিচিপৌ চিপৌ চি

এক অনা চিপ

নিচিপৌ চিপৌ চি

এক অনা চিপ

কেঁহ কলি নিকলি

কপাহ সূতা মুকলি

ঠেহ পাতি ঠেহ পাতি

নাখালি ভাত

ঠেহ পাতি ঠেহ পাতি

নাখালি ভাত

এপোৱা সেন্দূৰৰ

ঘোৰ ফোঁট মাৰিলি

মুগা ৰিহা মেৰালি গাতে সৰুফুল

সৰু সুৰু বেনাৰ পাতে সৰুফুল

সৰু সৰু বেঙেনাৰে সৰু সৰু বেঙেনাৰ পাত

পাতে সৰুফুল

সৰু সৰু বেঙেনাৰ পাতে সৰুফুল

সৰু সৰু বেঙেনাৰে সৰু সৰু বেঙেনাৰ পাত

 

Lyrics/Tune: Traditional & Apurba Jaan

 

Leave a Comment