দুৰ্যোগ বুলিলে কি বুজা?

       দুৰ্যোগ মানে আচ্মবিতে সংঘটিত হোৱা অতি বিপজ্জনক পৰিঘটনা, যাৰ ফলস্বৰূপে জনজীৱন, আন্তঃগাঁথনি, অৰ্থনৈতিক পৰিস্থিতি আৰু পৰিৱেশৰ গুৰুত্বৰ ব্যাঘাত ঘটে। অকস্মাতে হোৱা এই ক্ষয়-ক্ষতি ইমানেই বেছি হয় যে সেই পৰিস্থিতি চম্ভালিবলৈ ব্যক্তি বা সমাজৰ নিজৰ সামৰ্থ্য নাথাকে। দুৰ্যোগ সমূহক মূলতঃ দুটা ভাগত ভগোৱা হৈছে। প্ৰাকৃতিক আৰু কৃত্ৰিম দুৰ্যোগ। প্ৰাকৃতিক দুৰ্যোগ দুটাৰ নাম- বানপানী, ভূমিকম্প।  কৃত্ৰিম … Read more

বুদ্ধ পূৰ্ণিমা | Buddha Purnima in Assamese

বুদ্ধ পূৰ্ণিমা বা বৈশাখ পূৰ্ণিমা বা বুদ্ধ জয়ন্তী হৈছে বৌদ্ধ ধৰ্মাৱলীৰ আটাইতকৈ পৱিত্ৰ উৎসৱ। ব’হাগ মাহৰ পূৰ্ণিমা দিনত এই উৎসৱ পালন কৰা হয়। ব’হাগ পূৰ্ণিমাৰ দিনটো বুদ্ধৰ ত্ৰিস্মৃতিৰ সৈতে সম্পৰ্কিত, কাৰণ এই দিনতে মহামানৱ বুদ্ধৰ জীৱনত তিনিটা গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হোৱাৰ বাবে “বুদ্ধ পূৰ্ণিমা” বুলি খ্যাত। বুদ্ধৰ জন্ম এই পবিত্ৰ তিথিত হৈছিল। খ্ৰীষ্টপূৰ্ব ৬২৩ চনৰ … Read more

দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান

    বৰ্তমান যুগ বিজ্ঞানৰ যুগ। বিজ্ঞানৰ বিভিন্ন অৱদানেৰে আজিৰ মানৱ সমাজ সভ্যতাৰ চূডান্ত স্তৰত উপনীত হৈছে। বিজ্ঞানৰ বলত বলীয়ান হৈ মানুহ যেন পৰিছে নিজেই ভগৱান। সেই ভগৱান আজি নিজৰ জন্ম, মৃত্যু আৰু পালনৰ নিজেই গৰাকী। আজি মানুহেই মানুহৰ ভাগ্য বিধাতা। বিভিন্ন ক্ষেত্ৰত বিজ্ঞানৰ অৱদান     বৰ্তমান যুগ বিজ্ঞানৰ যুগ। বিজ্ঞানৰ চৰম উন্নতিৰ সুফলেখ আজিৰ মানুহে … Read more

ৰবীন্দ্ৰনাথ ঠাকুৰ চমু জীৱনী | Rabindranath Tagore in Assamese

ৰবীন্দ্ৰনাথ ঠাকুৰ (৭ মে’, ১৮৬১ – ৭ আগষ্ট, ১৯৪১) এজন বঙালী সাহিত্যৰ দিকদৰ্শক কবি, ঔপন্যাসিক, গল্পকাৰ, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু দাৰ্শনিক আছিল। ৰবীন্দ্ৰনাথ ঠাকুৰে ভাৰতৰ কলকাতাৰ জোড়াসাঁকোৰ বিখ্যাত ঠাকুৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। পিতৃ মহৰ্ষি দেবেন্দ্ৰনাথ ঠাকুৰ আৰু মাতৃ সাৰদা দেবীৰ ১৪টা সন্তানৰ মাজত ১৩ নম্বৰজন আছিল ৰবীন্দ্ৰনাথ। তেখেত ঊনবিংশ শতিকাৰ শেষ ভাগৰ পৰা বিংশ শতিকাৰ … Read more

অসমীয়া ভাষাত কেনেকৈ লিখিব | Assamese keyboard download in Assamese

       আজি মই আপোনালোকক অসমীয়া বিনামূল্য কিৱাৰ্ডৰ ছেফৱেৰৰ বিষয়ে বিতংগকৈ আলোচনা কৰিম। আপোনালোকে কম্পিউটাৰ বা লেপটপ লোৱাৰ পিছতো অসমীয়াত লিখবলৈ বহুতো অসুবিধা সন্মুখিন হৈছে। কাৰণ আজিলৈ কোনো মানুহে ইয়াৰ বিষয়ে আলোচনা কৰা নাই। কিছুমান কিৱাৰ্ড ছফৱেৰ আছে যিবিলাকে বিনামূল্য নহয় আৰু কিছুমান ফ্ৰী কিৱাৰ্ড আছে যতে গুগলত বিচাৰি পাৱলৈ টান। কিন্তু মই আপোনালোক অতি সহজে … Read more

মাদক দ্ৰব্য, সমাজত ইয়াৰ কু-প্ৰভাৱ

    যিবোৰ বস্তু বা দ্ৰব্যই সহজেই মানুহৰ মন-প্ৰাণ আসক্ত কৰিব পাৰে সেইবোৰকে মাদক দ্ৰব্য বা ৰাগিয়াল বস্তু বোলে। মদ, ভাং, কানি বা আফিং, ধঁপাত, বিড়ি, ড্ৰাগ আদি মাদক দ্ৰব্য। মাদক দ্ৰব্য সেৱনত অভ্যাস এবাৰ কৰিলে তাক সতকাই এৰা টান। মাদক দ্ৰব্য সেৱন যে কু-অভ্যাস আৰু ই দেহৰ বাবে ক্ষতিকাৰক সেই কথা সেৱন কৰোঁতাই উপলব্ধি কৰিব … Read more

পৰিৱেশ প্ৰদূষণ | Poribesh Produson

পৰিৱেশ মানে কি পাৰ্থিৱ জগতখনত আমাৰ চাৰিওফালে বিৰাজ কৰা প্ৰাকৃতিক তথা মানৱসৃষ্ট সামগ্ৰিক অৱস্থাকে পৰিৱেশ বোলা হয়। পৰিৱেশক বিজ্ঞানীসকলে প্ৰাকৃতিসকলে প্ৰাকৃতি আৰু মানৱসৃষ্ট বা কৃত্ৰিম— এই দুটা ভাগত ভাগ কৰিছে। মাটি, পানী, বায়ু, উদ্ভিদ আৰু প্ৰাণীৰ সামূহিক অৱস্থাটোৱে প্ৰাকৃতি পৰিৱেশ আৰু মানুহে নিজৰ কাৰ্যকলাপৰ দ্বাৰা দিনে-দিনে পৃথিৱীৰ বিভিন্ন পৰিৱৰ্তন ঘটাই যি কৃত্ৰিম পৰিৱেশৰ সৃষ্টি কৰিছে, … Read more

নবোদয় বিদ্যালয় in Assameses

        ১৯৮৬ চনত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা ৰাষ্ট্ৰীয় শিক্ষা-নীতিয়ে অসমৰ মাধ্যমিক শিক্ষাকো বিশেষভাৱে প্ৰভাৱিত কৰি তোলে। এই শিক্ষা-নীতিৰ ওপৰত ভিত্তি কৰিয়ে ‘নবোদয় বিদ্যালয়’ এবিধ বিশেষ ধৰণৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰা হয়। এইবিধ বিদ্যালয় স্থাপনৰ তিনিটা প্ৰধান উদ্দেশ্য হৈছে— মাধ্যমিক শিক্ষাৰ ছাত্ৰ-ছাত্ৰীসকলৰ চৰম উৎকৰ্ষ সাধন কৰা; উন্নত গুণমান ৰক্ষা কৰা আৰু তাৰ যোগেদি শিক্ষাত সামাজিক ন্যায় … Read more

চেতাৰ

       চেতাৰ(Sitar) এবিধ তাঁৰযুক্ত বাদ্যযন্ত্ৰ। ভাৰতত বিশেষভাৱে প্ৰচলিত চেতাৰক সাধাৰণতে তানপুৰা আৰু তবলাৰ লগত একক বাদ্য হিচাপে বজোৱা হয়। অৱশ্য দলীয় বাদ্য হিচাপেও চেতাৰৰ ব্যৱহাৰ আছে।        ভাৰতীয় শাস্ত্ৰীয় সংগীতত চেতাৰ এবিধ প্ৰভাৱশালী বাদ্য। মধ্যযুগত, মুছলমান ৰজাসকলৰ ৰাজত্বৰ সময়ত সম্ভৱতঃ ইয়াক টানবুৰ (মধ্যপ্ৰাচ্যত প্ৰচলিত বীণাৰ দৰে, দীঘলীয়া বাদ্যযন্ত্ৰ) আৰু বীণাৰ সমন্বয়ত তৈয়াৰ কৰা হৈছিল। টানবুৰৰ … Read more

স্ত্ৰী শিক্ষাৰ প্ৰয়োজনীয়তা

       ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ। এই দেশত প্ৰতিজন নাগৰিকৰেই সমঅধিকাৰ আছে। শিক্ষা আহৰণ হৈছে মানৱ মৌলিক অধিকাৰসমূহৰ ভিতৰত অন্যতম। দেশৰ এশ কোটি জনতাৰ প্ৰায় অৰ্ধ্যংশই নাৰী। গতিকে দেশখন সুচাৰৰূপে পৰিচালিত কৰাৰ স্বাৰ্থত দেশৰ মাতৃশক্তিক শিক্ষিত কৰি তোলাতো অতি আৱশ্যকীয়। কিন্তু ভাৰতবৰ্ষৰ দৰে এখন বিশাল ৰাষ্ট্ৰত য’ত শতকৰা সত্তৰ ভাগ লোকেই গ্ৰামাঞ্চলত বসবাস কৰে আৰু যাৰ … Read more