গোৱালপাৰা মধ্য ইংৰাজী বিদ্যালয়ৰ
অৱসৰপ্ৰাপ্ত প্ৰাধান শিক্ষক
শ্ৰীযুত মহেন্দ্ৰ নাথ বৰা দেৱলৈ
সশ্ৰদ্ধ সম্বৰ্ধনা
দিনাংকঃ ………………..
হে আলোক সন্ধানী!
অতীতৰ কোনো এক
শুভমুহুৰ্তত স্ব-আৰ্জিত আলোকেৰে আলোকিত হৈ আন বহুতকে তাৰ সন্ধান দি সাৰ্থকতাৰ
পৰিচয় দিলে। জ্ঞানালোকৰ ফুলনিত বহু ৰঙৰ ফুল ফুলাই দেশ মাতৃৰ বুকু ফুলেৰে ভৰাই
তুলিলে আপুনি বোৱাই দিয়া জ্যোতিধাৰা চিৰপ্ৰবাহিত হৈ থাকিব অনন্ত কালৰ বাবে।
সু-কৰ্মৰ গুণত সৰগতো যে আপুনি আলোকৰ সিংহাসনত অধিস্থিত হৈ থাকিব, ই ধুৰূপ।
হে চিৰ
নমস্য গুৰু!
আপুনি আমাৰ এই বৃহৎ অনুষ্ঠানটিৰ
জন্মদাতা। সহস্ৰ জনক পোহৰ বিলাই দেশ আৰু স্ব-জাতিক আগুৱাই নিয়া আপুনি এক হিৰন্ময়
জ্যোতিস্ক, এচেৰঙা
উজ্জ্বল ৰ‘দালি; সেয়েহে আপুনি আমাৰ
প্ৰেৰণাৰ উজ্জ্বল প্ৰতীক।
হে
মহান!
আপোনাৰ সু-কৰ্মৰ উপমা
আপুনি নিজেইহে। এখনি সম্বৰ্ধনা পত্ৰেৰে আপোনাৰ নিস্বাৰ্থ ত্যাগ আৰু মহান কৰ্মৰ
স্বীকৃতি দিয়াৰ সাধ্য আমাৰ নাই। তথাপিও আপোনাৰ মহান কৰ্মৰ দ্বাৰা উপকৃত হৈ আমি
আপোনাক সম্বৰ্ধনা জনাইছোঁ। আৱেগ গধূৰ এই কৰুণ মধুৰ ক্ষণত যাঁচিছো আপোনালৈ শ্ৰদ্ধাৰ
অঞ্জলি, নিবেদিলো
ভৰ্কিৰ নৈবেদ্য। ভগৱানে আপোনাক সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু দান কৰক। ইতি।
গোৱালপাৰা মধ্য ইংৰাজী বিদ্যালয়ৰ
শিক্ষক গোট
তথা সমূহ কৰ্মচাৰী, গোৱালপাৰা
দিনাংকঃ ……………