শ্ৰীধৰ কন্দলীৰ চমু পৰিচয়

শ্ৰীধৰ কন্দলি মহাপুৰুষ শংকৰদেৱৰ পাছক সময়ৰ কবি। এওঁৰ কাব্যত বৈষ্ণন ধৰ্মৰ প্ৰভাৱ সুস্পষ্ট। কন্দলীয়ে ‘কাণখোৱা’ আৰু ‘ঘুনুচা কীৰ্ত্তন’ নামৰ দুখন কাব্য ৰচনা কৰে। কাণখোৱা পুথিখন নিচুকনি গীতৰ আৰ্হিত ৰচনা কৰা। ইয়াত বিষ্ণুৰ অৱতাৰৰ লীলা মাহাত্ম্য সহজ সৰল আৰু প্ৰাঞ্জল—ভাষাত বৰ্ণনা কৰিছে। ইয়াত শ্ৰীকৃষ্ণৰ ঈশ্বৰত্ব আৰু মানৱ-শিশুত্বভাৱ কবিয়ে সুন্দৰভাৱে ফুটাই তুলিছে। পুথিখন দুটা অংশত ভাগ কৰিব … Read more

ৰথীন্দ্ৰনাথ গোস্বামী(Rothindra Nath Goswami) ৰ বিষয়ে চমুকৈ

বিজ্ঞান সাহিত্য, কল্প বিজ্ঞান, ভ্ৰমণ কাহিনী, শিশু সাহিত্যিকে আদি কৰি বিবিধ প্ৰবন্ধেৰে অসমীয়া সাহিত্যলৈ অৱদান যোগোৱা ৰথীন্দ্ৰনাথ গোস্বামীৰ জন্ম হয় যোৰহাটত। পিতৃ সাহিত্যাচাৰ্য যতীন্দ্ৰনাথ গোস্বামী, কঠন কলেজৰ পৰা ১৯৮৭ চনত ভূতত্ত্ব বিষয়ক প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানেৰে স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৯২ চনত অসম প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে যোগদান কৰে যদিও পৰৱৰ্তী কালত এই পদৰ পৰা … Read more

আব্দুল ছাত্তাৰৰ বিষয়ে চমুকৈ

আব্দুল ছাত্তাৰ(১৯২২-১৯৮৭) দেৱৰ তিতাবৰত জন্ম হৈছিল। চিন্তাগধূৰ লিখনিয়ে অসমীয়া সাহিত্য জগতত নিজকে প্ৰতিষ্ঠা কৰিছিল। ছাত্তাৰে লিখা কৃষ্ণকান্ত সন্দিকৈৰ জীৱনী, প্ৰসংগ কোষ, সংমিশ্ৰণত অসমীয়া সংস্কৃতি, দৃষ্টি আৰু সৃষ্টি, উদ্ধৃতি সহচৰ আদি প্ৰতিখন পুথিয়েই উন্নত মানসম্পন্ন। আফগানিস্থানলৈ শিক্ষকতা কৰিবলৈ গৈ সেই ঠাইৰ লগত পুৰণি কালৰপৰাই ভাৰতৰ যি সম্পৰ্ক, পৰস্পৰৰ মাজত থকা মৰম-স্নেহৰ কথা সুন্দৰকৈ বৰ্ণাই লিখিছিল। তেওঁ … Read more

বন্দিতা ফুকন (Bandita Phukan)ৰ বিষয়ে চমুকৈ

অসমৰ প্ৰথমগৰাকী Mechanical Engineer বন্দিতা ফুকনৰ জন্ম ১৯৪৮ চনত। অসম গেছ কোম্পানীত চাকৰি কৰে। পাছে দুবছৰকাল USA ত ও চাকৰি কৰিছিল। ফুকনে শিশু উপন্যাস লিখিকা হিচাপে সাহিত্যিক জীৱন আৰম্ভ কৰে। ত্ৰিশখনতকৈয়ো অধিক শিশু উপন্যাস এতিয়ালৈকে প্ৰকাশ পাইছে। ‘জয়মতী’ ইংৰাজী ভাষাত ৰচিত তেখেতৰ এখন ধেমেলীয়া পুথি। উত্তৰ-পূৱ ভাৰতৰ তেখেত প্ৰথম গৰাকী কল্পবিজ্ঞান সাহিত্য লিখিকা। ফুকনে লিখা … Read more

হেম বৰুৱা বিষয়ে চমুকৈ লিখা

হেম বৰুৱা(১৯১৫-১৯৭৭)ৰ জন্ম হয় তেজপুৰত। ১৯৩২ চনত তেজপুৰত চৰকাৰী হাইস্কুলৰপৰা প্ৰবেশিকা, ১৯৩৪ চনত কটন কলেজৰপৰা আই এ আৰু ১৯৩৬ চনত বি এ পাছ কৰি ১৯৩৮ চনত কলিকতা বিশ্ববিদ্যালয়ৰপৰা এম এ পাছ কৰে। ১৯৪০ চনত যোৰহাট কলেজত অধ্যাপনাৰে চাকৰি জীৱন আৰম্ভ কৰা বৰুৱাদেৱে ১৯৪৪ চনত গুৱাহাটীৰ ভোলা বৰুৱা কলেজৰ অধ্যক্ষ হয়। সাম্প্ৰতিক কবিতাৰ পথ  প্ৰদৰ্শক বৰুৱা … Read more

হৰেকৃষ্ণ ডেকাৰ বিষয়ে চমকৈ | Harekrishna Deka

হৰেকৃষ্ণ ডেকাৰ জন্ম ১৯৪৩ চনত। ল’ৰালি কাল তিনিচুকীয়াত কটায়। তাৰ পৰাই ১৯৫৯ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত পঢ়িবলৈ লয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ১৯৬৫ চনত ইংৰাজী বিষয়ত এম.এ. পাচ কৰে। গুৱাহাটীৰ কমাৰ্চ কলেজত অধ্যাপনাৰে চাকৰি জীৱন আৰম্ভ কৰা ডেকাদেৱে পাছত ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰি আৰক্ষী সঞ্চালক হিচাপে অৱসৰ লয়। হৰেকৃষ্ণ ডেকা “The Sentinel” কাকত … Read more

নীলমণি ফুকনৰ চমু পৰিচয়

নীলমণি ফুকন(১৮৮০-১৯৭৮) নীলমণি ফুকন(Nilmoni Phukan)ৰ জন্ম ডিব্ৰুগড়ত। পিতৃ লম্বোদৰ ফুকন। ককাক ঘনশ্যাম খাৰঘৰীয়া ফুকনে কল্কি পুৰাণ অসমীয়ালৈ অনুবাদ কৰিছিল। স্কুলীয়া শিক্ষা ডিব্ৰুগড়ৰপৰাই সাং কৰি কোচবিহাৰ কলেজৰপৰা বি.এ. পৰীক্ষা পাছ কৰে। তেখেত ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত ‘আলোচনী’, যোৰহাটৰ পৰা প্ৰকাশ পোৱা, ‘সাদিনীয়া বাতৰি’ কাকত আৰু ‘দৈনিক বাতৰি’ৰ সম্পাদক আছিল। ডিব্ৰুগড়ৰ জৰ্জস্কুলৰ শিক্ষকতাৰে চাকৰি জীৱন আৰম্ভ কৰে। তেখেত … Read more

দেৱকান্ত বৰুৱা | Debakanta Baruah

অসমীয়া ৰোমাণ্টিক যুগৰ অন্তিম স্তৰৰ শ্ৰেষ্ঠ কবি দেৱকান্ত বৰুৱাৰ জন্ম হয় ১৯১৪ চনত ডিব্ৰুগড়ত। তেওঁৰ পিতৃ নীলকান্ত বৰুৱা নগাঁৱৰ খৰঙি বৰুৱাৰ বংশৰ। দেৱকান্ত বৰুৱাই নগাঁও চৰকাৰী হাইস্কুলৰপৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় ১৯৩১ চনত। তেওঁ কাশী বিশ্ববিদ্যালয়ৰপৰা বি.এ. আৰু এল. এল. বি. পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৩০ চনত আইন অমান্য আন্দোলনত যোগদান কৰি ছমাহ বৰুৱাই কাৰাবাস খাটে। … Read more

ৰঘুনাথ চৌধাৰী বিষয়ে

ৰঘুনাথ চৌধাৰী(১৮৭৯-১৯৬৮) বৰ্তমান নলবাৰী জিলাৰ মুকালমুৱাৰ ওচৰৰ লাউপাৰা গাঁৱত কবি চৌধাৰীৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম ভোলানাথ চৌধাৰী। সৰুতেই ভৰিত দুখ পাই চিৰদিনৰ কাৰণে ভৰি ঘূণীয়া হয়। ঘৰুৱা অসুবিধাৰ কাৰণে সম্পৰ্কীয় ককায়েক এজনে শিশু ৰঘুনাথ চৌধাৰীক গুৱাহাটীলৈ লৈ আহে। ইয়াত তেওঁক বিদ্যালয়ত নামভৰ্তি কৰি দিয়ে। অষ্টম শ্ৰেণীলৈকে পঢ়ি শিক্ষকৰ কঠোৰ শাসনৰ বাবে তেওঁ পঢ়িবলৈ এৰি … Read more

আজান ফকিৰ | আজান পীৰ

জিকিৰৰ সৰহভাগেই “আজান ফকিৰ” বুলি বিখ্যাত ‘শ্বাহ মিলান’ নামৰ এগৰাকী ইছলামধৰ্মী সাধু পুৰুষৰদ্বাৰা ৰচিত। এওঁ অসমলৈ আহে কোনোৰ মতে আজমীৰৰপাৰ আৰু কোনোৰ মতে আৰৱ দেশৰ পৰা। এই গীতসমূহৰ ৰচনাৰ সময় দুটা বুলি অনুমান হয়— ১৬৩৪ খ্ৰীষ্টাব্দ, ১৭৩৪ খ্ৰীষ্টাব্দ। ডক্টৰ সূৰ্যকুমাৰ ভূঞাই এখন বুৰঞ্জীত পোৱা মতে গদাধৰ সিংহৰ দিনত ৰূপাই দা-ধৰা নামৰ এজনে ১৬৮৪ চনত আজান ফকিৰৰ … Read more